Sunday, 4 June 2017

ছাৰা থমছনৰ কাহিনী.....

2012 চনত ছাৰা থমচন ( Sarah Thomson) নামৰ মহিলা এগৰাকী মগজুত ব্লাড ক্লটছ ( Blood Clots) হোৱাৰ বাবে ক'মালৈ  গৈছিল ৷ ছাৰাই যেতিয়া 10 দিন পিছত ক'মাৰ পৰা ঘুৰি আহিল , তেতিয়া সকলোকে ছাৰাই আচৰিত কৰি তুলিল ৷ কাৰণ ক'মাৰ পৰা ঘুৰি অহাৰ পিছত ছাৰাই নিজকে 1998 চনত থকা বুলি অনুভৱ কৰিছিল ৷ ছাৰাই মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কথা পাহৰি গৈছিল ৷ আনকি ছাৰাই নিজৰ স্বামী আৰু সন্তানৰ কথাও পাহৰি গৈছিল ৷
1998 চনত ছাৰা 19 বছৰীয়া আছিল আৰু সেইসময়তে তাইৰ প্ৰথম ল'ৰা সন্তানটো জন্ম হৈছিল ৷ ছাৰাই তেতিয়া তাইৰ আগৰ স্বামীৰজনৰ লগত আছিল ৷ সেইবাবে ছাৰাই তাইৰ প্ৰথম সন্তামটো কেঁছুৱা হৈ থকা বুলি ভাৱি আছিল ৷ কিন্তু সন্তানটিৰ বয়স তেতিয়া 14 বছৰ হৈছিল ৷ ছাৰাই আনকি তাইৰ পিছৰ সন্তান দুটিক চিনি পোৱাই নাছিল ৷ আনহাতে নিজৰ স্বামীক ছাৰাই হস্পিটালত কাম কৰা কৰ্মচাৰী বুলি ভাৱিছিল ৷
,
,
হস্পিটালৰ বাহিৰত ছাৰাই নিজকে এজনী 19 বছৰীয়া ছোৱালী বুলি ভাৱি লৈছিল ৷ আৰু নিজৰ খেয়াল খুচি মতে কাম কৰিছিল ৷ মুঠতে তাই 2012 চনক 1998 বুলি ভাৱিছিল ৷

No comments:

Post a Comment

গছৰ পৰা মানুহক কেনেকৈ নমাব পাৰি !!!

    মোল্লা নাছিৰুদ্দিনৰ বুদ্ধিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ তেওঁৰ মুৰত যিমান" ফাৰ্ষ্ট ক্লাছ আইডিয়া" আছিল আজিৰ যুগৰ মানুহৰ তাত ও ...