( বি: দ্ৰ:--> পষ্টটো কোনো অসমীয়া মোল্লা নাছিৰুদ্দিনৰ সাধু কথাৰ কিতাপৰ পৰা নকল কৰা হোৱা নাই ৷ যদি পঢ়ি ভাল পাইছে আনৰ লগত চেয়াৰ কৰিলে ভাল পাম আৰু নকৰিলেও ভাল পাম) ৷
সানমিহলি .........
Friday, 28 July 2017
গছৰ পৰা মানুহক কেনেকৈ নমাব পাৰি !!!
Monday, 5 June 2017
Carl Tanzler ৰ কাহিনী ....
Carl Tanzler , ফ্লৰিডাৰ মেৰিন হস্পিটালৰ এজন ৰেডিঅল'জিক টেকন'লজিষ্ট( Radiologic Technologist) আছিল ৷ 1930 চনত হস্পিটালখনত হেলেনা হোয়োচ ( Helena Hoyos) নামৰ এজনী কিউবাৰ যুৱতী আহিল ৷ যুৱতী গৰাকী যক্ষ্মা ৰোগৰ চিকিৎসা কৰিবলৈ আহিছিল ৷ Carl Tanzler এ যুৱতীগৰাকীৰ প্ৰেমত পৰিল ৷ Carl Tanzler এ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে , কিন্তু তাই সেই প্ৰস্তাৱ গ্ৰহন কৰা নাছিল ৷ Carl Tanzler এ যুৱতীগৰাকীক যক্ষ্মাৰ পৰা ৰক্ষা কৰিবলৈ বহুট চেষ্টা কৰিছিল ৷ কিন্তু অৱশেষত এদিন যুৱতী গৰাকীৰ নিজ গৃহত মৃত্যু হয় ৷
,
,
,
আৰু তাৰ পিছত Carl Tanzler এ যিটো কাম কৰিলে, শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ 1933 চনৰ এপ্ৰিল মাহৰ এটি সন্ধিয়াত Carl Tanzler এ হেলেনাৰ মৰাশটো কবৰস্হানৰ পৰা উলিয়াই ,ঘৰলৈ লৈ আনিলে ৷ তাৰ পিছত হেলেনাৰ হাঁড়বোৰ তাঁৰৰ দ্বাৰা বান্ধি যোৰা লগালে , কাঁচৰ চকু লগাই দিলে , ৰেচম কাপোৰ এখন মম ত দুবায় হেলেনাৰ দেহত খাপ খোৱাকৈ দেহৰ চাল হিচাপে লগাই দিলে, মুৰত নকল চুলি একোছা লগাই দিলে ৷ তাৰ পিছত হেলেনাৰ মৃত শৰীৰটোত বিভিন্ন অলংকাৰ পিন্ধাই দিলে ৷
,
ভৌতিক ফ'টো
এই ফ'টোখন বিশ্বৰ বিখ্যাত ভৌতিক ফ'টো সমুহৰ মাজত এখন ৷ 1966 চনত ৰাল্ফ হাৰ্দি ( Ralph Hardy ) নামৰ পাদুৰি এজন গ্ৰিনউইছৰ National Maritime Museum ত এই ফ'টো খন তুলিছিল ৷ পাদুৰিজনে মিউজিয়ামটোৰ বিখ্যাত Tulip Staircase ৰ ফ'টো তুলিবলৈ কেমেৰাত ক্লিক কৰিছিল, কিন্তু তেওঁৰ ফ'টোত ছবিত দেখাৰ দৰে এক আচৰিত বগা কাপোৰ পিন্ধা মানুহৰ ছবিও বন্দী হ'ল ৷
,
,
পিছত ফ'টোখন পৰীক্ষা কৰি গম পোৱা গ'ল যে ফ'টোখনত কোনো Photo manipulation কৰা হোৱা নাছিল ৷ আৰু এই ফ'টোখন তোলাৰ পিছৰ পৰাই বহুটো মানুহে সেইখিনি ঠাইত খোজ কৰা শব্দ, বিভিন্ন ধৰনৰ অৱয়ব ইত্যাদি দেখিবলৈ পাইছিল ৷

Sunday, 4 June 2017
অবিশ্বাস্য স্বামী
“This is my husband. His name is the Berlin Wall and he was born on August 13, 1961. I expect you’ve heard of him; he is quite a celebrity. He lives in Berlin. I used to work in a pharmacy. Now I own a museum. My husband’s job was to divide East and West Berlin. He is retired now.”
,
,
,
দেখাত আচহুৱা যেন লাগিলেও এইটোএ সঁচা যে ওপৰৰ কথাখিনি ছবিত দেখা মহিলাগৰাকীয়ে তেখেতৰ স্বামী Berlin Wall ক লৈ লিখা ৷ 1979 চনত Eija-Riitta Berliner-Mauer নামৰ মহিলাগৰাকীয়ে Berlin Wall খনৰ লগত বিবাহপাশত আবদ্ধ হয় ৷ মহিলাগৰাকীয়ে বিবাহৰ পিছত তেওঁৰ উপাধিটো Mauer কৰি লয়, যাৰ অৰ্থ হ'ল দেৱাল ৷ আচলতে মহিলাগৰাকীয়ে Objectum-Sexuality নামৰ এক মানসিক ৰোগত আক্ৰান্ত হৈছিল ৷ মহিলা গৰাকীৰ লগতে কয় যে " “The Great Wall of China’s attractive, but he’s too thick – my husband is sexier.”

কফিনৰ সৈতে ৰেষ্টুৰেন্ট ....
আহমেদাবাদৰ লাল দৰবাজা অঞ্চলত থকা New Lucky Restaurant ত যাব নেকি? ?? এই ৰেষ্টুৰেণ্ট খনত গৈ আপুনি এক বিশেষ ধৰণৰ অভিজ্ঞতা লাভ কৰিব ৷ কাৰন আপুনি যেতিয়া ৰেষ্টুৰেন্টখনত বহি চাহ-মিঠাই খায় থাকিব, তেতিয়া আপুনি দেখিব যে আপোনাৰ কাষত কিছুমান কফিন থৈ দিয়া আছে ৷ হয় আহমেদাবাদৰ New Lucky Restaurant খনত আপুনি কফিনৰ কাষতে বহি খাদ্য খাব লাগিব ৷ আচলতে এই ঠাইখন আগতে কবৰস্হান আছিল ৷ কিন্তু যেতিয়া তাত দোকানখন স্হাপন কৰা হ'ল, তেতিয়া ৰেষ্টুৰেন্ট খনৰ মালিক কৃঞ্চনন কুত্তি নায়াৰে তাত থকা কফিনবোৰ আঁতৰোৱাৰ সলনি কফিনবোৰৰ মাজতে ঠাই উলিয়াই ল'লে ৷ ৰেষ্টুৰেন্ট খন এতিয়াওঁ তেনেকৈয়ে চলি আছে ৷
ৰহস্যময় ফ'টো ....
1914 চনৰ কথা ৷ ষ্ট্ৰেচবাৰ্গ ( Strasbourg) চহৰৰ এজনী জাৰ্মান মহিলাই তেওঁৰ পুতেকৰ এখন ফ'টো উঠাবলৈ ষ্টুডিঅলৈ গ'ল ৷ তেওঁ এখন photo plate ক্ৰয় কৰিলে আৰু পুতেকৰ ফ'টো উঠোৱাৰ পিছত যেতিয়া ফ'টোখন বনোৱা শেষ হ'ব তেতিয়া আহিম বুলি ক'লে ৷
,
কিন্তু সেইখিনি সময়তে প্ৰথম বিশ্বযুদ্ধ আৰাম্ভ হ'ল আৰু যুদ্ধৰ মাজত মহিলাগৰাকীয়ে ফ'টো খন আনিবলৈ অসমৰ্থ হ'ল ৷
.
.
.
ঘটনাটোৰ দুবছৰ পাছত এক আজৱ কাণ্ড সংঘটিত হ'ল ৷ তেতিয়া মহিলাগৰাকীয়ে
Frankfurt চহৰত বাস কৰিছিল আৰু এজনী ছোৱালী জন্ম দিছিল ৷ মহিলাগৰাকীৰ মনটো বেয়া লাগি আছিল কাৰন তেওঁৰ লগত এতিয়াও কোনো এখন ফ'টো নাছিল ৷ সেইবাবে মহিলাগৰাকীয়ে আকৌ এখন photo plate ক্ৰয় কৰিলে আৰু নিজৰ জীয়েকৰ এখন ফ'টো উঠালে ৷ যেতিয়া ফ'টোখন বনোৱা সমাপ্ত হ'ল তেতিয়া মহিলাগৰাকীৰ চকু কপালত উঠিল ৷ কাৰন নতুন ফ'টো খনত মহিলাগৰাকীৰ জীয়েকৰ লগত পুতেকৰ আগৰ ফ'টো খনৰ (সমাপ্ত নোহোৱা)কিছু অংশ উঠি গ'ল ৷ মহিলাগৰাকীৰ আগৰ ফ'টো খন বনোৱা শেষ হোৱাই নাছিল ৷ তেনেস্হলত কেনেকৈ নতুন ফ'টোখনৰ মাজত আগৰ ফ'টো খন আহিল সেইটোহে ৰহস্য হয় থাকিল ৷

পাঁচ বছৰীয়া মাতৃ ....
1939 চনৰ কথা, পেৰুৰ এজনী 5 বছৰীয়া ছোৱালীৰ পেটতো অস্বাভাৱিক ধৰনে ডাঙৰ হৈ আহিছিল ৷ সেই ঠাইখনৰ মানুহ কিছুমানে ছোৱালীজনীৰ দেউতাকক কলে যে ছোৱালীজনীৰ দেহত সেই অঞ্চলৰ evil god এ এডাল ডাঙৰ সাপ উৎপন্ন কৰিছে ৷ সেইবাবে দেউতাকে প্ৰথমতে সেই অঞ্চলৰ তান্ত্ৰিকৰ তাত ছোৱালীজনীৰ চিকিৎসা কৰিলে ৷ কিন্তু সুফল নোপোৱাত এখন চিকিৎসালয়লৈ লৈ আহিল ৷ চিকিৎসালয়ত যেতিয়া ছোৱালীজনীৰ X-Ray পৰীক্ষা কৰা হ'ল তেতিয়া দেখা গ'ল যে ছোৱালীজনী গৰ্ভৱতী ৷ চিকিৎসক সকলে লগে লগে পুলিচক খবৰ দিলে ৷ পুলিচে ছোৱালীজনীৰ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ( ছোৱালীজনিক ধৰ্ষণ কৰাৰ সন্দেহত) কিন্তু পিছত প্ৰমাণৰ অভাৱত দেউতাকক এৰি দিয়া হল ৷ লিনা মেডিনা ( Lina Medina) নামৰ এই ছোৱালীজনীয়ে ইতিহাসত আটাইতকৈ কম বয়সীয়া মাতৃ ৷ 5 বছৰ, 7 মাহ আৰু 21 দিনত মেডিনাই এটি শিশু জন্ম দিছিল ৷
Subscribe to:
Comments (Atom)
গছৰ পৰা মানুহক কেনেকৈ নমাব পাৰি !!!
মোল্লা নাছিৰুদ্দিনৰ বুদ্ধিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ তেওঁৰ মুৰত যিমান" ফাৰ্ষ্ট ক্লাছ আইডিয়া" আছিল আজিৰ যুগৰ মানুহৰ তাত ও ...