আহমেদাবাদৰ লাল দৰবাজা অঞ্চলত থকা New Lucky Restaurant ত যাব নেকি? ?? এই ৰেষ্টুৰেণ্ট খনত গৈ আপুনি এক বিশেষ ধৰণৰ অভিজ্ঞতা লাভ কৰিব ৷ কাৰন আপুনি যেতিয়া ৰেষ্টুৰেন্টখনত বহি চাহ-মিঠাই খায় থাকিব, তেতিয়া আপুনি দেখিব যে আপোনাৰ কাষত কিছুমান কফিন থৈ দিয়া আছে ৷ হয় আহমেদাবাদৰ New Lucky Restaurant খনত আপুনি কফিনৰ কাষতে বহি খাদ্য খাব লাগিব ৷ আচলতে এই ঠাইখন আগতে কবৰস্হান আছিল ৷ কিন্তু যেতিয়া তাত দোকানখন স্হাপন কৰা হ'ল, তেতিয়া ৰেষ্টুৰেন্ট খনৰ মালিক কৃঞ্চনন কুত্তি নায়াৰে তাত থকা কফিনবোৰ আঁতৰোৱাৰ সলনি কফিনবোৰৰ মাজতে ঠাই উলিয়াই ল'লে ৷ ৰেষ্টুৰেন্ট খন এতিয়াওঁ তেনেকৈয়ে চলি আছে ৷

No comments:
Post a Comment