Monday, 5 June 2017

Carl Tanzler ৰ কাহিনী ....

Carl Tanzler , ফ্লৰিডাৰ মেৰিন হস্পিটালৰ এজন ৰেডিঅল'জিক টেকন'লজিষ্ট( Radiologic Technologist) আছিল ৷ 1930 চনত হস্পিটালখনত হেলেনা হোয়োচ ( Helena Hoyos) নামৰ এজনী কিউবাৰ যুৱতী আহিল ৷ যুৱতী গৰাকী যক্ষ্মা ৰোগৰ চিকিৎসা কৰিবলৈ আহিছিল ৷ Carl Tanzler এ যুৱতীগৰাকীৰ প্ৰেমত পৰিল ৷ Carl Tanzler এ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে , কিন্তু তাই সেই প্ৰস্তাৱ গ্ৰহন কৰা নাছিল ৷ Carl Tanzler এ যুৱতীগৰাকীক যক্ষ্মাৰ পৰা ৰক্ষা কৰিবলৈ বহুট চেষ্টা কৰিছিল ৷ কিন্তু অৱশেষত এদিন যুৱতী গৰাকীৰ নিজ গৃহত মৃত্যু হয় ৷
,
,
,
আৰু তাৰ পিছত Carl Tanzler এ যিটো কাম কৰিলে, শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ 1933 চনৰ এপ্ৰিল মাহৰ এটি সন্ধিয়াত Carl Tanzler এ হেলেনাৰ মৰাশটো কবৰস্হানৰ পৰা উলিয়াই ,ঘৰলৈ লৈ আনিলে ৷ তাৰ পিছত হেলেনাৰ হাঁড়বোৰ তাঁৰৰ দ্বাৰা বান্ধি যোৰা লগালে , কাঁচৰ চকু লগাই দিলে , ৰেচম কাপোৰ এখন মম ত দুবায় হেলেনাৰ দেহত খাপ খোৱাকৈ দেহৰ চাল হিচাপে লগাই দিলে, মুৰত নকল চুলি একোছা লগাই দিলে ৷ তাৰ পিছত হেলেনাৰ মৃত শৰীৰটোত বিভিন্ন অলংকাৰ পিন্ধাই দিলে ৷
,
,1940 চনৰ অক্টোবৰ মাহত হেলানৰ শৰীৰটো উদ্ধাৰ হয়, আৰু . Carl Tanzler গক গ্ৰেপ্তাৰ কৰা হয় ৷ পিছত পৰীক্ষাৰ অন্তত ধৰা পৰে যে . Carl Tanzler এক মানসিক ৰোগত আক্ৰান্ত হৈছিল ৷ পিছত . Carl Tanzler ক মুক্ত কৰি দিয়া হয় ৷

No comments:

Post a Comment

গছৰ পৰা মানুহক কেনেকৈ নমাব পাৰি !!!

    মোল্লা নাছিৰুদ্দিনৰ বুদ্ধিৰ কথা কৈ শেষ কৰিব নোৱাৰি ৷ তেওঁৰ মুৰত যিমান" ফাৰ্ষ্ট ক্লাছ আইডিয়া" আছিল আজিৰ যুগৰ মানুহৰ তাত ও ...